শদিয়াত ভয়ংকৰ দুৰ্ঘটনা

62

বানপানী পৰিস্থিতিৰ মাজতে সোমবাৰ পুৱা শদিয়াত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় ৷

শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখী AS-23-CC-1387 নম্বৰৰ প্ৰিয়াংশু নামৰ বাছখন চপাখোৱা গাঁৱত দূৰ্ঘটনাত পতিত হয় ৷

বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিত থকা দ খাৱৈত বাগৰি পৰে ৷

দুৰ্ঘটনাটোত গাড়ীৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেইগৰাকীমান যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷