লেপেটকটা চাহ বাগিচাত মেচিনত মূৰ সোমাই গুৰুতৰভাৱে আহিত আদিবাসী মহিলা, হাস্পতালত ভৰ্তি

150

ডিব্ৰুগড়ৰ লেপেটকটা চাহ কাৰখানাত কৰ্মৰত অৱস্থাত চিটিচি মেচিনত চুলি আবদ্ধ হৈ পৰাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

চাহ বাগিচাৰ ড্ৰাইয়াৰ মেচিনত ভুলবশতঃ প্ৰৱেশ কৰি গুৰুতৰভাৱে আহত শ্ৰমিক গৰাকী মইনা নায়ক (২৪) বুলি জানিব পৰা গৈছে।

এই ঘটনাই চাহ কাৰখানাটোৰ শ্ৰমিকসকলৰ মাজত উত্তেজনা সৃষ্টি কৰিছে।

ততাতৈয়াকৈ মহিলাগৰাকীক চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জিএমচিএইচ)লৈ ৰেফাৰ কৰে।

ডিব্ৰুগড় জিলাৰ সম্পাদক আট্টছাৰ লখিন্দ্ৰ কুৰ্মীয়ে কয়, ‘বাগিচা পৰিচালনাৰ গাফিলতিৰ বাবে ঘটনাটো সংঘটিত হয়। চিটিচি মেচিনত সোমাই নিজকে আহত কৰে মহিলাগৰাকীয়ে। বাগিচাৰ পৰিচালনা সমিতিয়ে এই ঘটনাৰ বাবে দায়ী কাৰণ পৰিচালনা সমিতিয়ে কেনেকৈ তাইক ড্ৰাইয়াৰ মেচিনত কাম কৰাৰ অনুমতি দিছে।”

তেওঁ কয়, ‘আমি ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছো। বাগিচা পৰিচালনা সমিতিয়ে প্ৰথমে সুৰক্ষাৰ পোষকতা কৰে, কিন্তু চাহ কাৰখানাত কোনো নিৰাপত্তা নাই। শ্ৰম বিভাগে সুৰক্ষা ব্যৱস্থাসমূহ পৰীক্ষা কৰাত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে। আমি এই কাণ্ডৰ বাবে মেনেজাৰক জগৰীয়া কৰি ৰাখোঁ।’-তেওঁ লগতে কয়।

কুৰ্মীয়ে আৰু কয়, “বাগিচা পৰিচালনা সমিতিয়ে সকলো সুৰক্ষা নীতি উলংঘা কৰি এগৰাকী মহিলাক ড্ৰাইয়াৰ মেচিনত কাম কৰিবলৈ নিয়োগ কৰিছে। চাহ কাৰখানাত শ্ৰমিকৰ কোনো সুৰক্ষা নাই কিন্তু এই সকলোবোৰ কথা জানিও শ্ৰম বিভাগে মূক দৰ্শক হৈয়েই ৰৈছে।”

‘আহত শ্ৰমিকগৰাকীক আমি সম্পূৰ্ণ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো আৰু চাহ বাগিচাত তেওঁক স্থায়ী চাকৰি দিব লাগে’, কুৰ্মীয়ে লগতে কয়।

জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে মইনা নায়কৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাই আছে। চকু, কাণ আৰু নাকত আঘাত পাইছে যাৰ বাবে তাই প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। “এমাহৰ পিছত প্লাষ্টিক চাৰ্জাৰী কৰা হ’ব আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াত ডেৰমাহতকৈ অধিক সময় লাগিব,” ডাঃ শৰ্মাই কয়।