ডিজিটেল ডেস্কঃ দিল্লীৰ ৰোহিণী আদালতৰ পুনৰাবৃত্তি ঘটিল পঞ্জাৱত। বৃহস্পতিবাৰে লুধিয়ানাৰ এখন আদালতত হঠাতে সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰণ।
বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত আদালতৰ তৃতীয় মহলাত বিস্ফোৰণটো সংঘটিত হয়। প্ৰতিবেদন অনুসৰি, ঘটনাটোত পাঁচজন লোক আহত হৈছে। ঘটনাটোত এগৰাকী মহিলা নিহত হোৱাৰ খবৰ পোৱা গৈছে।
জানিব পৰা মতে বৃহস্পতিবাৰে ৯ নং এজালাছৰ একেবাৰে ওচৰৰ বাথৰুমত এটা বিস্ফোৰণ সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে গোটেই আদালত ভৱনটো কঁপি উঠে। ইফালে বিস্ফোৰণৰ ফলত ওচৰৰ পাৰ্কিং লটত ৰখাই থোৱা বাহনৰো ক্ষতিসাধন হয়। যাৰ ফলত মুহূৰ্ততে, আদালত চৌহদত আতংকৰ সৃষ্টি হয়।
ইফালে এই বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নমুনা সংগ্ৰহ কৰিবলৈ ফৰেনচিক দলও উপস্থিত হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়। বিস্ফোৰণটো কিদৰে সংঘটিত হল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
