দেওবাৰে পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ সন্ধানহীন হোৱা দ্বীপ সৰকাৰৰ সন্ধান আজিও লাভ কৰিবা পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে। সোমবাৰে গোটেই দিনটো SDRF বাহিনীয়ে লুইতৰ বুকুত অভিযান চলোৱাৰ পিছত কিশোৰজনৰ সন্ধানত আজি পুনৰ আৰম্ভ কৰিছে নদী আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰী সেৱা বাহিনী তথা SDRF–এ।
উল্লেখ্য যে, দেওবাৰে লুইতৰ বুকুত সন্ধানহীন হৈছিল ৪ কিশোৰ। সোমবাৰে SDRF বাহিনীয়ে অবিনাশ দাস, দয়াল শ্বেখ আৰু জিত দাসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু এতিয়াও লুইতৰ বুকুত নিখোজ হৈ আছে দ্বীপ সৰকাৰ নামৰ কিশোৰজন।
