লুইতৰ বুকুত উদ্ধাৰ নিমাতিঘাট নাও দুৰ্ঘটনাৰ সন্ধানহীন চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

92

মাজুলীৰ ঢেকেলী চাপৰিত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত।

উদ্ধাৰ হোৱা মৃতদেহটো নিমাতিঘাট নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰে বুলি নিশ্চিত কৰা হৈছে।

হাতৰ টেটুৰ জৰিয়তে মৃতদেহটো বিক্ৰমজিতৰ বুলি চিনাক্ত কৰিছে এছডিআৰএফ বাহিনীয়ে।

উল্লেখ্য যে, দুৰ্ঘটনাস্থলীৰ পৰা ১০-১১ কিলোমিটাৰ নিলগত ঢেকেলী চাপৰিত আজি লুইতৰ বুকুত উদ্ধাৰ হৈছিল মৃতদেহটো।

মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী জনদৰদী আৰু জনপ্ৰিয় চিকিৎসক আছিল বিক্ৰমজিৎ বৰুৱা।

কিন্তু নিমাতিঘাট নাও দুৰ্ঘটনাত পতিত হৈ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হল চিকিৎসকগৰাকীয়ে।

চিকিৎসকগৰাকীৰ মৃতদেহ চিনাক্ত হোৱাৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ পত্নী।

আজি বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হৈছে বিক্ৰমজিৎ বৰুৱাৰ বেগটোও।