লিডুত ড্ৰাগছ সহ এজন যৱক আটক।

আজি লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই ড্ৰাগছ সহ এজন যুৱকক চমজাই দিলে আৰক্ষীক।
মাৰাত্মক ড্ৰাগছৰ বহুল প্ৰচলনে সম্প্ৰতি কোঙা কৰি তুলিছে মাৰ্ঘেৰিটা মহকুমাৰ বহু সংক্ষক যুৱক যুৱতীক। মহকুমাটোৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰিত হৈ পৰিছে।
আজি এক গোপন সূত্ৰত পম খেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিকে ড্ৰাগছ সহ এজন যুৱকক লিডুৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। যুবকজনৰ পৰা ড্ৰাগছ ভৰ্তী পাঁচটা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন অৰুণাচল প্ৰদেশৰ চাংলাংৰ বুলি জানিব পৰা গৈছে। লোকজন লিডুৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি চাংলাংত লৈ যাবলৈ আহিছিল বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে।
