লাহৰীঘাটত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

317

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মৰিগাওঁ আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই দুটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত লোক দুটা হল আব্দুল ৰেকিব আৰু ৱাচিম আক্ৰাম । অঞ্চলটোৰ বোৱালগুৰি আৰু নগাবন্ধাত আৰক্ষীয়ে আজি অভিযান চলাই ধৃত লোক দুজনক গ্ৰপ্তাৰ কৰে । লোক দুজনৰ পৰা ৮৫ টা চিম কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ড , দুটা মবাইল , তিনিখন বাইক আৰু এখন চাৰিচকীয়া বাহন আৰক্ষীয়ে জদ্ধ কৰে ।অঞ্চলটোত দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ লগত জড়িত আছিল ধৃত লোকদুজন । আৰক্ষীয়ে 311/22 নম্বৰত U/S 120(B)420/379/406 IPC ত গোচৰ ৰুজু কৰি মৰিগাওঁ জেল হাজোতলৈ প্ৰেৰণ কৰে।