অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ খটখটিত অভিযান চলাই শনিবাৰে নিশা এখন যাত্ৰীবাহী বাছৰ পৰা ৩৩৯.২ গ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে সদৰী কৰা মতে, গোপন খবৰৰ ভিত্তিত অভিযান চলাই লাহৰিজানত মণিপুৰৰ পৰা আহি থকা এখন বাছৰ পৰা হেৰোইন খিনি জব্দ কৰে। ২৭ টা চাবোনৰ বাকচত লুকুৱাই এই বৰবিহখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
