লাহৰিজনত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

96

সোমবাৰে পুুৱা বোকাজান মহকুমাৰ খটখটী থানাৰ অন্তৰ্গত লাহৰিজানত আৰক্ষীয়ে অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। লাহৰিজান আৰক্ষী উপ-পৰিদৰ্শক লুটফুৰ ৰহমানৰ নেতৃত্বত লাহৰিজান টহলদাৰী চকীৰ সন্মুখত তালাচী চলোৱাৰ সময়ত ডিমাপুৰৰ পৰা আহি থকা AS09 AC 4179 নম্বৰৰ বাছখনৰ পৰা ৩২০ গ্ৰাম ওজনৰ হেৰ’ইনখিনি জব্দ কৰা হয়।

আৰক্ষীয়ে সদৰী কৰা মতে ২৫ টা চাবোনৰ কেচত ভৰাই হেৰ’ইনখিনি সৰবৰাহ কৰা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অমৰ খান নামৰ এজন সৰবৰাহকাৰীক আটক কৰিছে।

উল্লেখ্য যে, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে বিগত দিনত যথেষ্ট তৎপৰ হৈছে অসম আৰক্ষী। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে নিচাযুক্ত সামগ্ৰী জব্দ হোৱাৰ লগতে আৰক্ষীয়ে আটক কৰিছে বহুজনক। কিন্তু অসমৰ সীমান্তৱৰ্তী এলেকাসমূহত এতিয়াও একাংশ মাফিয়াই নিৰ্বিঘ্নে ড্ৰাগছ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় আৰু সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈ আহিছে।