লাহৰিঘাটত গো মাংসৰ মুকলি বেহা

135

চৰকাৰী নীতি নিদ্দেৰ্শনাক বুঢ়া আঙুলি দেখুৱাই পুনৰ লাহৰীঘাটত মুকলিকৈ গো মাংস বিক্ৰী কৰা হৈছে । একাংশ অসাধু ব্যাৱসায়ীয়ে নিজ ইচ্ছামতে চলাই গৈছে এই ব্যৱসায় । চৰকাৰৰ অনুমতি অবিহনে ৰাজপথৰ কাষতে এনে অবৈধ ব্যাৱসায় দৈনিক চলাই যোৱাত এতিয়া সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় , কাৰ আৰ্শীবাদত লাহৰীঘাটত পুনৰ গো মাংসৰ মুকলি বেহা গঢ় লৈ উঠিছে । মূখ্যমন্ত্ৰীৰ কঠোৰ নিদ্ধেৰ্শনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰা এনে অবৈধ ব্যাৱসায়ীসকলৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে কিবা ব্যাৱস্থা গ্ৰহন কৰিবনে ? সেয়া পৰৱত্তী সময়ত হব লক্ষ্যনীয় বিষয়।