ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত কাৰ্যকৰী হল লাভ জেহাদ প্ৰতিৰোধ আইন। ৰাজ্যপালৰ অনুমোদনৰ পিছতে কাৰ্যকাৰী কৰা হয় এই লাভ জেহাদ আইন । উত্তৰ প্ৰদেশৰ ৰাজ্যপালে শনিবাৰে অবৈধ ধৰ্ম ৰূপান্তৰণ প্ৰতিৰোধ আইনী ২০২০ কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায় ।
বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়ত ৰাজ্যত লাভ জেহাদৰ ওপৰত আইন ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ২৪ নৱেম্বৰত উত্তৰ প্ৰদেশ চৰকাৰে কেবিনেটে এই আইন অনুমোদন কৰিছিল। চৰকাৰে কয় যে এই আইনৰ লক্ষ্য হৈছে মহিলাসকলক সুৰক্ষিত কৰা।
