ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল : ক’ভিড১৯ ৰ ফলত সৃষ্টি হোৱা অনিশ্চিয়তাই সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষানুষ্ঠান বোৰক প্ৰভাৱিত কৰিছে। সেয়ে ভাৰতীয় টেষ্ট প্ৰস্তুতকৰ্তা মাধ্যম আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেড(আইএছএল) এ জেইই /এনইয়ইটিত অৱতীৰ্ণ হ’ব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰিছে লাইভ অনলাইন ক্ৰেছ কোৰ্ছসমূহ। এই লাইভ অনলাইন ক্লাছসমূহ জেইই/এনইইটিৰ দৰে বিশেষ পৰীক্ষা সমূহত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে আকাশ ডিজিটেলৰ দ্বাৰা অনুষ্ঠিত কৰা হ’ব। এনইইটি আৰু জেইই-ৰ প্ৰথমটো বেচ্চ ২০২০ বৰ্ষৰ ১৮ মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছে ২৪ মাৰ্চৰ পাছৰ পৰা অধিক বেচ্চৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। এই লাইভ অনলাইন কোৰ্ছবোৰ আকাশ লাইভ প্লেটফৰ্মৰ যোগেদি আগবঢ়োৱা হ’ব। এই সন্দৰ্ভত এইএছএল-ৰ সঞ্চালক তথা চিইঅ’ আকাশ চৌধুৰীয়ে কয়”-আমাৰ ছেছ্যনবোৰ পাৰস্পৰিক মত-বিনিময়মূলক হ’ব, ছাত্ৰ-ছাত্ৰী সকলক মনৰ সন্দেহ দূৰ কৰা, প্ৰশ্ন সোধাৰ সুবিধা দিব আৰু তেওঁলোকৰ প্ৰশ্ন তথা সংশয় সমূহ দূৰ কৰিবলৈ সক্ষম হ’ব”।
