লাইফ টাইমলৈ বৃদ্ধি টেট উত্তীৰ্ণৰ প্ৰমানপত্ৰৰ ম্যাদ

55

ৰাজ্যত বহু টেট উত্তীৰ্ণই চাকৰি লাভৰ পৰা বঞ্চিত হৈ আছে। যাৰ বাবে সময়ে সময়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰি আহিছে এইসকল টেট উত্তীৰ্ণই। কিন্তু শেহতীয়াকৈ টেট উত্তীৰ্ণসকলক সকাহ দি টেট উত্তীৰ্ণৰ প্ৰমানপত্ৰৰ ম্যাদ লাইফ টাইলমৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে টেট উত্তীৰ্ণ প্ৰমানপত্ৰৰ ম্যাদ কেৱল ৭ বছৰ আছিল। এই কালৰ ভিতৰত বহু টেট উত্তীৰ্ণই চাকৰি লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত ম্যাদ বৃদ্ধিৰো দাবী উত্থাপন কৰি আহিছিল তেওঁলোকে। তাৰ পিছতে টেট উত্তীৰ্ণসকলৰ দাবীক মান্যতা দি প্ৰমানপত্ৰৰ ম্যাদ গোটেই জীৱনলৈ থাকিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে।