লতাশিলত জাইকাই সংস্হাপন কৰা পানীৰ পাইপ ফাটি পথৰ বিস্তাৰ ক্ষতিঃ

106


গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰিদৰ্শনঃ শীঘ্ৰেই পথচোৱা নিৰ্মানৰ নিৰ্দেশ মন্ৰীৰঃ

মহানগৰীত খোৱা পানীৰ সমস্যা নতুন কথা নহয় ৷ এই সমস্যা দুৰ কৰি মহানগৰবাসীক পানী যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ বিগত কিছু দিনৰ পৰা মহানগৰীৰ খোৱা পানীৰ সমস্যা দুৰ কৰাৰ উদ্দেশ্যৰে গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজে তদৰক কৰি থকা দেখা গৈছে ৷তাৰ মাজতো শুক্ৰবাৰে মহানগৰীৰ লতাশিল খেলপথাৰ সমীপত জাইকা নামৰ প্ৰতিষ্ঠানটো সংস্হাপন কৰা পানীৰ পাইপ ফাটি পথৰ ক্ষতি সাধন কৰে ৷ যাৰ ফলত যঠেষ্ট পানী অপচয় হোৱাৰ লগতে পথৰ ক্ষতি সাধন হয়৷ জাইকা নামৰ প্ৰতিষ্ঠানটো প্ৰকৃততে পানীৰ পাইপ বহুৱাই পৰীক্ষা কৰিছিল ৷ কিন্তু সেই সময়ছোৱাত এই ঘটনাটো ঘটিবলৈ পালে ৷প্ৰকৃততে এই ঘটনাটো এটা আকাংক্ষিত ঘটনা বুলিব পাৰি ৷ ঘটনাটো সংঘটিত হোৱাৰ কেইমুহূৰ্তমানৰ পিছতে পানী নিৰ্গম হোৱা বন্ধ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য ঘটনাটোৰ সবিশেষ জানিব পাৰি উক্ত স্হানত গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত হয় ৷ তেওঁ প্ৰতিষ্ঠানৰ উচ্চ পদস্ত বিষয়া সকলৰ লগত পৰ্যালোচনা কৰে ৷ সেই স্হানৰ পৰাই মন্ৰী গৰাকীয়ে বিষয়া সকলক তাৎক্ষণিক ভাবে পথচোৱা মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে ৷ এই ক্ষেত্ৰত মন্ৰী গৰাকীয়ে সংবাদ মাধ্যমক অবগত কৰি কয় “এই ঘটনাটো এটা অনাকাংক্ষিত ঘটনা বুলি কব পাৰি ৷ ইয়াকে লৈ এচাম সংবাদ মাধ্যমে ঘটনাটোৰ প্ৰকৃত তথ্যৰ পৰা আতৰি নিজাববীয়াকৈ ৰহন সানি অপবাখ্যা কৰা দেখা গৈছে ৷ সেই সমুহ প্ৰচাৰ মাধ্যমৰ প্ৰকাশিত বাতৰিত বিশেষ গুৰুত্ব প্ৰদান নকৰে সেয়া মহানগৰবাসীয় ৰাইজলৈ মন্ৰী গৰাকীয়ে বিনম্ৰতাৰে অনুৰোধ জনায় ৷”