লখিমপুৰ খেৰী হিংসাৰ তদন্ত নিৰীক্ষণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশক নিযুক্তি উচ্চতম ন্যায়ালয়ৰ

68

উচ্চতম ন্যায়ালয়ে লখিমপুৰ খেৰী হিংসা গোচৰৰ তদন্ত নিৰীক্ষণ কৰিবলৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰাকেশ কুমাৰ জৈনক দায়িত্ব অৰ্পণ কৰিছে। আদালতে গোচৰটোৰ তদন্ত কৰি থকা এছআইটিত তিনিজন জ্যেষ্ঠ আইপিএছ বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈও নিৰ্দেশ দিছে।

আদালতে কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জৈনে নিশ্চিত কৰিব যে গোচৰটোৰ নিৰপেক্ষ তদন্ত কৰা হয়। গোচৰটোত অভিযোগপত্ৰ দাখিল কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে এতিয়া পুনৰ গোচৰটোৰ শুনানি ল’ব। 

৮ নৱেম্বৰত অনুষ্ঠিত এক শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে গোচৰটোত কৃষক, এজন সাংবাদিক আৰু বিজেপি কৰ্মী নিহত হৈছিল। এছআইটিয়ে হত্যাৰ সকলো ঘটনা সংমিশ্ৰণ কৰি আছে। যিয়ে ন্যায় পোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। আদালতে কয়, “আমি তদন্ত নিৰীক্ষণৰ বাবে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছো। ন্যায়াধীশগৰাকী এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নহ’ব। আমাৰ দৃষ্টিত আছে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জিত সিং আৰু ন্যায়াধীশ ৰাকেশ কুমাৰ। প্ৰাক্তন ন্যায়াধীশে নিশ্চিত কৰিব যে তিনিওটা গোচৰৰ সঠিক তদন্ত কৰা হয় আৰু সময়মতে অভিযোগপত্ৰ দাখিল কৰা হয়।” উত্তৰ প্ৰদেশৰ চৰকাৰী পৰামৰ্শদাতা হৰিশ চালভে আদালতৰ নিৰ্দেশত ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰৰ হৈ সন্মত হৈছিল। 

মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে তদন্তৰ নিৰীক্ষণ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক হস্তান্তৰ কৰে আৰু এছআইটিও সলনি কৰে। আইপিচিৰ জ্যেষ্ঠ বিষয়া এছ পি শিৰোদকাৰ, প্ৰীতিন্দৰ সিং আৰু পদ্মজা চৌহানকো এছআইটিত অন্তৰ্ভুক্ত কৰা হৈছে। যোৱা শুনানিত, আদালতে ইংগিত দিছিল যে কেৱল এছ.আই.টি.-ৰ লখিমপুৰৰ চাৰিওফালে কনিষ্ঠ বিষয়াসকলক নিযুক্তি দিয়াটো শুদ্ধ নহয়। আদালতে মূলতঃ উত্তৰ প্ৰদেশৰ নথকা জ্যেষ্ঠ আইপিএছ বিষয়াসকলৰ নামত ৰাজ্য চৰকাৰৰ পৰা পৰামৰ্শ বিচাৰিছিল।

উল্লেখ্য যে, অক্টোবৰৰ ৩ তাৰিখে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকক মহতিয়াই নিছিল এখন বাহনে। ইয়াৰ ফলত কেইবাজনো কৃষকৰ মৃত্যু ঘটে। এই ঘটনাত ৰমেন কাশ্যপ নামৰ এগৰাকী স্থানীয় সাংবাদিকো নিহত হয়। একে সময়তে, ক্ষুব্ধ কৃষকৰ প্ৰহাৰত বিজেপি কৰ্মীও নিহত হয়। অধিবক্তা শিৱকুমাৰ ত্ৰিপাঠীয়ে মুখ্য ন্যায়াধীশ এন ভি ৰমনালৈ এখন পত্ৰ প্ৰেৰণ কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি, উচ্চতম ন্যায়ালয়ে শুনানি আৰম্ভ কৰিছে। গোচৰটোৰ প্ৰথম শুনানি ৮ অক্টোবৰত অনুষ্ঠিত হৈছিল। শুনানিত, আদালতে মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল। তাৰ পিছত আৰক্ষী সক্ৰিয় হৈ পৰে আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষক গ্ৰেপ্তাৰ কৰে।