লখিমপুৰ খেৰী কাণ্ড: কেন্দ্ৰীয় মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰৰ জামিন আবেদন খাৰিজ

101

লখিমপুৰ খেৰী হিংসা সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰ আৰু অন্য এজন অভিযুক্তৰ জামিন আবেদন বুধবাৰে খাৰিজ কৰে দণ্ডাধীশ আদালতে। মুখ্য ন্যায়িক দণ্ডাধীশ চিন্তা ৰামে আশীষ মিশ্ৰা আৰু তেওঁৰ কথিত সহযোগী আশীষ পাণ্ডেৰ জামিন আবেদন নাকচ কৰিছিল।

লখিমপুৰ হিংসাৰ সন্দৰ্ভত এছআইটিৰ দ্বাৰা প্ৰায় ১১ ঘণ্টাৰ জেৰাৰ পিছত ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰীপুত্ৰ আশীষ মিশ্রক। জেৰাৰ সময়ত তেওঁ আৰক্ষীক সহযোগিতা নকৰা বুলিও দাবী কৰিছিল তদন্তকাৰী বিষয়াই।

“দীঘলীয়া জেৰাৰ পিছত, আমি দেখিছিলো যে তেওঁ (আশীষ মিশ্ৰ) সহযোগিতা কৰা নাই, আৰু তদন্তত বহুকথা ক’ব নিবিচাৰে। সেইকাৰণে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ। তেওঁক এতিয়া আদালতত হাজিৰ কৰোৱা হ’ব,” লখিমপুৰ খেৰী গোচৰৰ তত্বাৱধান সমিতিৰ অধ্যক্ষ ডিআইজি উপেন্দ্ৰ আগৰৱালে চাহাৰনপুৰত কয়।

ইফালে, উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে অংকিত দাস আৰু লতিফ ওৰফে কালাক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, লক্ষ্ণৌৰ বাসিন্দা অংকিত দাস আশীষ মিশ্ৰৰ ঘনিষ্ঠ সহযোগী আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অখিলেশ দাসৰ ভতিজা।

লখিমপুৰ খেৰীৰ বাসিন্দা লতিফ ওৰফে কালা অংকিত দাসৰ একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। আৰক্ষীয়ে সদৰী কৰা মতে কৃষকক মহতিয়াই নিয়া কনভয়ৰ তিনিখন বাহনৰ এখনত অংকিত দাসও আছিল। পিছত দুয়োকে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে, আশীষ মিশ্ৰা আৰু তেওঁৰ কথিত সহযোগী অংকিত দাসক আজি উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ শাখাই এঘণ্টা ধৰি ক্ৰছ-জেৰা কৰে। মঙলবাৰে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰা অংকিত দাসে স্বীকাৰ কৰে যে তেওঁ ৮ অক্টোবৰত নেপাললৈ পলাই গৈছিল।

অৱশ্যে, অংকিত দাসে অস্বীকাৰ কৰিছিল যে লখিমপুৰ খেৰী ঘটনাৰ সময়ত আশীষ মিশ্ৰা ফৰ্চুনাৰত উপস্থিত আছিল। তেওঁ এইটোও দাবী কৰিছিল যে ঘটনাটোৰ সময়ত কোনো গুলীচালনা হোৱা নাছিল।

ইফালে, অংকিত দাসক ২২ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁক ১৭ অক্টোবৰলৈকে তিনিদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

ঘটনাটোৰ পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ত মূৰত আঘাত প্ৰাপ্ত এজন ব্যক্তিয়ে এজন আৰক্ষীক কোৱা শুনা গৈছিল যে তেওঁ অংকিত দাসকে ধৰি আন চাৰিজন লোকৰ সৈতে বাহনখনত আছিল। ভিডিঅ’টোত থকা ব্যক্তিজনে বাহনখনৰ পঞ্জীয়ন নম্বৰ প্ৰদান কৰিছিল – যাক টয়োটা ফৰ্চুনাৰ বুলি বৰ্ণনা কৰা হৈছিল – আৰু দাবী কৰিছিল যে বাহনখন অংকিত দাসৰ আছিল। “যিহেতু আৰক্ষীয়ে অংকিত দাস আৰু লতিফক গ্ৰেপ্তাৰ কৰিছে, আমি আদালতক জামিন আবেদন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিম,” অধিবক্তা অৱদেশ কুমাৰ সিঙে কয়।

আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে – আশীষ মিশ্ৰা, লাভকুশ, আশীষ পাণ্ডে, শেখৰ ভাৰতী, অংকিত দাস আৰু লতিফ ওৰফে কালা।