ডিজিটেল ডেস্কঃ লখিমপুৰ খেৰী গোচৰৰ সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ। কিন্তু কৃষকৰ মৃত্যুক লৈ এতিয়াও বিবাদ অব্যাহত আছে। খবৰ অনুসৰি, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকলৰ এটা প্ৰতিনিধি দলে বুধবাৰে ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। প্ৰতিনিধি দলটোৱে লখিমপুৰ খেৰীৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিক এখন স্মাৰকপত্ৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে।
জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ১১.৩০ বজাত কংগ্ৰেছৰ সাত জনীয়া প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। কংগ্ৰেছৰ এক সূত্ৰৰ খবৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গে, গুলাম নবী আজাদ, অধীৰ ৰঞ্জন চৌধুৰী, প্ৰিয়ংকা গান্ধী, কে কে বেণুগোপাল, এ কে এণ্টনী আৰু ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। এই সাক্ষাতৰ পূৰ্বে ইতিমধ্যে ৰাষ্ট্ৰপতিলৈ এখন পত্ৰও লিখা হৈছে।
আনহাতে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী মঙলবাৰেও লখিমপুৰ খেৰীত উপস্থিত হয়। তাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৃষকৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কংগ্ৰেছে আৰম্ভণিৰে পৰা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰক তেওঁৰ পদৰ পৰা তাৎক্ষণিকভাৱে অপসাৰণৰ দাবী জনাই আহিছে। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে শনিবাৰে অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে কৃষকসকলৰ শান্তিপূৰ্ণ পদযাত্ৰাৰ সময়ত গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ আছিল। এই ঘটনাত ৪ জন কৃষকসহ আঠজন লোক নিহত হৈছিল।
অজয় মিশ্ৰাই কৈছিল যে ঘটনাটোত তেওঁৰ পুত্ৰৰ ফালে অভিযোগ উত্থাপন কৰাৰ সময়ত তেওঁৰ পুত্ৰ দোষী সাব্যস্ত হ’লে তেওঁ মন্ত্ৰালয় ত্যাগ কৰিব। পোনপটীয়াকৈ সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “লখিমপুৰ খেৰীত অস্থিৰতাৰ ঘটনাস্থলীত মোৰ পুত্ৰৰ উপস্থিতিৰ প্ৰমাণ থাকিলে মই মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰিম। ‘
কংগ্ৰেছে আৰম্ভণিৰে পৰা লখিমপুৰ বিষয়টোক লৈ কেন্দ্ৰ আৰু যোগী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি আহিছে। ঘটনাটোৰ ২৪ ঘণ্টাৰ ভিতৰত, প্ৰিয়ংকা গান্ধী লখিমপুৰ খেৰীলৈ ৰাওনা হোৱাৰ সময়ত মাজভাগত গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে পিছত কংগ্ৰেছৰ প্ৰতিনিধি দলটো লখিমপুৰ খেৰী ত উপস্থিত হয়। আন বিৰোধীসকলেও বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
খেৰীৰ ঘটনাক লৈ সোমবাৰে মহাৰাষ্ট্ৰত বন্ধৰ আহ্বান জনোৱা হৈছিল। মহা বিকাশ আগাদী মিত্ৰজোঁটে কৃষকসকলৰ সৈতে থকাৰ বাৰ্তাৰ সৈতে বন্ধৰ আহ্বান জনাইছিল। শিৱসেনা, কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি বা এনচিপিৰ মিলিত চৰকাৰ হৈছে মহা বিকাশ আগাদি। কৃষকসকলে ১৮ অক্টোবৰত ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ বাবেও আহ্বান জনাইছে।
