উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত কৃষক নৰসংহাৰ কাণ্ডই কেৱল দেশৰ ভিতৰতে হয়, বহিঃৰাষ্ট্ৰতো চৰ্চা লাভ কৰিছে। ইফালে এই ঘটনাক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ পদক্ষেপক লৈও উত্থাপন হৈ বহু প্ৰশ্নৰ। তাৰ মাজতে এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এটা স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ নেতৃত্বত এখন খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
শীৰ্ষ ন্যায়ালয়ে বৃহস্পতিবাৰে নিজেই লখিমপুৰ গোচৰটোৰ শুনানি ল’ব। ঘটনাটোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ অতি গুৰুত্বপূৰ্ণ হিচাপে দেখা গৈছে। ইফালে, যোগী প্ৰশাসনৰ দমনমূলক নীতি স্বত্বেও বুধবাৰে সন্ধিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী খেৰীত উপস্থিত হৈ নিহত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ সক্ষম হয়।