লখিমপুৰত পুনৰ মাইক্ৰ’ফাইনান্সৰ বিৰুদ্ধে উঠিল প্ৰতিবাদৰ ধ্বনি

413

লখিমপুৰত পুনৰ মাইক্ৰ’ফাইনান্সৰ বিৰুদ্ধে উঠিল প্ৰতিবাদৰ ধ্বনি।
লখিমপুৰত নৰ্থ ইষ্ট স্মল ফাইনান্সৰ বিৰুদ্ধে গৰজি উঠিল জাগৃত নাৰী শক্তি সমিতি।

ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনান্স কোম্পানী সমুহৰ সৈতে বুজাবুজি কৰি মহিলা সকলক লোণ ৰেহাই দিয়াৰ পাছতো নৰ্থ ইষ্ট স্মল ফাইনান্স কোম্পানীয়ে টকা বিচাৰি মহিলা সকলক ভীতিগ্ৰস্ত কৰাৰ অভিযোগ তুলি নাৰী শক্তি সমিতিয়ে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা দিয়ে।

টকা বিচাৰি নিতৌ মহিলা সকলক হাৰাশাস্তি কৰাৰ উপৰি গোচৰ তৰাৰ ভাবুকিও এজেন্ট সকলে দিছে বুলি অভিযোগ তোলে মহিলা সকলে।

নৰ্থ ইষ্ট স্মল ফাইনান্স কোম্পানী ৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদ কাৰী মহিলা সকলে নৰ্থ ইষ্ট স্মল ফাইনান্স কোম্পানীক বন্ধ কৰি দিয়াৰো দাবী জনায়।