লখিমপুৰ জিলাৰ বান্দৰদেৱাত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই সন্দেহযুক্ত ১৫.৪০ গ্ৰাম হিৰ’ইন আৰু ২৮ টা খালি কন্টেইনাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বদতিৰ ২নং দহঘৰীয়াৰ মিঠুন পাটিৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, একাংশ নিচাসক্ত যুৱকক ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে হাটে লোটে ধৰা পৰে মিঠুন পাটিৰ। বৰ্তমান আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
