লক ডাউনত পশুধন নিগমৰ তৎপৰতা দুই শতাধিকৰো অধিক যুৱকে পালে আত্মনিৰ্ভৰশীলতাৰ নতুন বাট গাহৰিৰ ৰোগ, সাবধানতাৰ বিকল্প নাইঃ মনোজ শইকীয়া

85

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে’- লক্-ডাউনৰ সময়ছোৱাত অসম পশুধন নিগমে গ্ৰহণ কৰা তৎপৰতাৰ ফলতে উন্মোচিত হ’ল এক ইতিবাচক দিশ। চৰকাৰ নিৰ্দেশ আৰু জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্য অনুসৰি অসম পশুধন নিগমে দ্বিতীয় পৰ্য্যায়ৰ লক্-ডাউনৰ মাজভাগৰ পৰা আৰম্ভ কৰা কণী, মাংস বিক্ৰীৰ ফলত অকল গুৱাহাটী মহানগৰীতে দুই শতাধিকৰো অধিক স্থানীয় যুৱকে হ’ম ডেলিভাৰী অথবা খুচুৰা বিক্ৰীৰ জৰিয়তে স্বাৱলম্বীতাৰ নতুন পথ গ্ৰহণ কৰে বুলি আজি এক সংবাদমেলত অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই সদৰি কৰে। অধ্যক্ষ শইকীয়াই কয় “বৰ্তমানলৈ পশুধন নিগমে সৰ্বমুঠ ২৭ টন ছাগলীৰ মাংস, ১৮ টন কুকুৰা মাংস আৰু প্ৰায় ২০৮০০ প্লেট কণী অকল নিগমৰ গুৱাহাটী মহানগৰীৰ পাঞ্জবাৰীস্থ্ চৌহদৰ পৰাই উপলব্ধ কৰিছে। লগতে নিগমে যোৰহাটত নিৰ্মাণ কৰি উলিওৱা আধুনিক কছাইখানাটো কাৰ্যক্ষম কৰি যোৰহাটবাসীৰ বাবে ছাগলী আৰু কুকুৰা মাংস উপলব্ধ কৰিছে। এই সময়ছোৱাত নিগমে নিজাববীয়াকৈ প্ৰায় ২,৬০,০০,০০০.০০ টকাৰ ব্যৱসায় কৰাৰ লগতে নিগমৰ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰায় ৪০ কোটি টকাৰো অধিক কণী, ছাগলী মাংস আৰু কুকুৰা মাংসৰ ব্যৱসায় সম্ভৱ হয়। ৰাজ্যখনত এই ব্যৱসায়ত ৯৫০ জনৰো অধিক নিৱনুৱা যুৱককে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোক জড়িত হৈ পৰে। নিগমে ৰাজ্যখনত নিৰ্মাণ কৰি থকা আৰু ৯ টা আধুনিক কছাইখানাৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে স্থানীয় ভাৱে বহু নিবনুৱা যুৱকৰ আত্মনিৰ্ভৰশীল হোৱাৰ বাট সুচল হ’ব বুলি শইকীয়াই উল্লেখ কৰে। লকডাইনৰ সময়ছোৱাত নিগমে মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৱাহাটী পৌৰ নিগমৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দি কয় ‘ এই সক্ৰিয়তাৰ কাৰণে অসাধু ব্যৱসায়ীসকলে কণী, মাংস, মাছৰ ক্ষেত্ৰত বৰ্ধিত মূল্য ল’ব পৰা নাই। পৌৰ নিগমে জব্দ কৰা এনে সামগ্ৰীসমূহ প্ৰতিদিনে অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আদিত দিয়াৰ ব্যৱস্থা কৰা হৈছে। গাহৰিৰ দেহত দেখা দিয়া আফ্ৰিকান গাহৰি জ্বৰ প্ৰতিৰোধৰ ক্ষেত্ৰত জৈৱ সুৰক্ষা আৰু সাৱধানতাৰ বিকল্প নাই। যিহেতু এই ৰোগৰ প্ৰতিষেধক অথবা ঔষধ নাই সেয়ে সংক্ৰমণ ৰোধ কৰিবলৈ জৈৱ সুৰক্ষা নিশ্চিত কৰিব লাগিব। দেশত তথা অসমত এই ৰোগ প্ৰথমবাৰ হোৱা বাবে এক নতুন অভিজ্ঞতাৰে আগবাঢ়িব লগা হৈছে। চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰা সকলো ধৰণে জৈৱ সুৰক্ষা নিশ্চিত কৰা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সজাগতাৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত হোৱা হৈছে। ইতিমধ্যে অধিক হাৰত নমুনা পৰীক্ষাৰ কাৰণে তৎপৰতাৰে ব্যৱস্থা লোৱা হৈছে। মন্ত্ৰী অতুল বৰাই প্ৰতিদিনে বিভিন্ন জিলালৈ গৈ নিজে শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে বুলিও শইকীয়াই জানিবলৈ দিয়ে।