লক্ষীপুৰত খহিছে কংগ্ৰেছৰ দূৰ্গ

51

কংগ্ৰেছৰ দূৰ্গস্বৰূপ লক্ষীপুৰ বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ গৰাখহনীয়া। ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত। বিজেপিত যোগ দিছে লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়েও।

প্ৰায় দুটা দশক ধৰি কংগ্ৰেছৰ দখলত থকা লক্ষীপুৰ বিধানসভা সমষ্টিত এইবাৰ ক্ৰমাৎ ভেটি সবল দেখা গৈছে বিজেপিৰ। সমষ্টিটোৰ বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই শেহতীয়াকৈ বিজেপিত যোগদান কৰাৰ পিছতে লক্ষীপুৰত দুৰ্বল হৈ পৰিছে কংগ্ৰেছৰ স্থিতি। শেহতীয়াকৈ সোমবাৰেও সমষ্টিটোৰ বহু কেইজন কংগ্ৰেছী নেতা-কৰ্মী তথা সমাজ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

লক্ষীপুৰ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে কাছাৰ জিলা কংগ্ৰেছৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ সাধাৰণ সম্পাদক হৰেশ্বৰ ধুবি, লক্ষীপুৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰামচন্দ্ৰ হাজাম, চাহ শ্ৰমিক যুৱনেতা দুলন ৰি, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতিৰ লগতে আন বহু কেইজনে। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সকলক দললৈ আদৰণি জনায় শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয় আৰু লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ে।