ষ্টাফৰিপৰ্টাৰ, লকডাউন বৃদ্ধি কৰাতকৈ চৰকাৰক ক’ভিড-১৯ ৰ সজাগতা বৃদ্ধি কৰিবলৈ দাবী জনাইছে ৰাষ্ট্ৰীয় জনতা দলে। এই সম্পৰ্কে দলৰ ৰাজ্যিক সভাপতি সোণাৰুল শ্বাহ মুস্তাফাই কয় ” যিহেতু কৰ’না ভাইৰাছ এইডছৰ নিচিনাকৈ থাকিয়েই যাব সেয়েহে ইয়াৰ প্ৰতিকাৰৰ কাৰণে সজাগ হৈ থকা উচিত। মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰাখিলেহে ক’ৰনাৰ পৰা ৰক্ষা পৰিব পৰা যাব। চৰকাৰে প্ৰশাসন যন্ত্ৰক অধিক সষ্টম কৰি সজাগতা উলংঘন কাৰীক কঠোৰ শাস্তি বিহিলে নিৰীহ লোকখিনিয়ে অযথা শাস্তি নাপায়। প্ৰয়োজন সাপেক্ষে চলিত বছৰৰ ১২ এপ্ৰিলৰ দৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্বদলীয় বৈঠকৰ ব্যৱস্থা কৰক। সম্পূৰ্ণ লকডাউনৰ বাবে গুৱাহাটীৰ দিন হাজিৰা কৰা লোকখিনিৰ লগতে গুৱাহাটীৰ পৰা বাহিৰত চাকৰি, ঠিকা কৰা মানুহ খিনিও ক্ষতিগ্ৰস্ত হৈ আছে।”
