ডিজিটেল ডেস্ক:- মহামাৰী কোৰোনা ভাইৰাছৰ সন্ত্ৰাস আৰু লকডাউনত বিধস্ত দেশৰ অৰ্থনীতি। বিগত প্ৰায় ৫ মাহত কৰ্মহীন হৈছে দেশৰ লাখ লাখ লোক। যাৰ ফলত বহু পৰিয়ালৰ এতিয়া এসাজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
সংস্থাপন হেৰুৱাই এক অভাৱৰ জীৱন পাৰ কৰিবলগীয়া হৈছে ভাৰতীয় হুইলচেয়াৰ ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক ৰাজেন্দ্ৰ সিং ধামীয়েও। দেহৰ ৯০ শতাংশই অচল ৰাজেন্দ্ৰ সিং ধামীয়ে এতিয়া পৰিয়াল পোহপালৰ বাবে মজদূৰী কৰিবলৈ বাধ্য হৈছে।
উত্তৰাখণ্ডৰ পৃথৰাগড়ৰ নিবাসী ৰাজেন্দ্ৰ সিং ধামীয়ে এসময়ত ভাৰতীয় হুইলচেয়াৰ ক্ৰিকেট দলটোৰ নেতৃত্ব দিছিল। হুইলচেয়াৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা ৰাজেন্দ্ৰ সিং ধামীয়ে লকডাউনৰ সময়ত অইন বহুতৰ দৰে কৰ্ম সংস্থাপন হেৰুৱায়। তাৰ পিছত উপায়বিহীন হৈ তেওঁ চৰকাৰী আঁচনি ‘মনৰেগা’ৰ অধীনত মজদূৰী কৰিবলৈ আৰম্ভ কৰে।
ইফালে ভাৰতীয় হুইলচেয়াৰ ক্রিকেট টীমৰ প্ৰাক্তন অধিনায়ক গৰাকীৰ এনে আৰ্থিক সংকটৰ বিষয়ে জানিব পৰাৰ পিছতে পৃথৰাগড় জিলা প্ৰশাসনে খেলুৱৈগৰাকীক সহায়ৰ বাবে জিলা ক্ৰীড়া বিষয়াক নিৰ্দেশ দিছে।