লকডাউনৰ প্ৰভাৱঃ বন্ধ হ’ল ৰাজ্যৰ ৫টাকৈ ছবিগৃহ

54

বন্ধ হ’ল ৰাজ্যৰ ৫টাকৈ ছবিগৃহ। কোভিড সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ অৱশেষত গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ অইন প্ৰান্তৰ ৫টাকৈ ছবিগৃহ চিৰদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধা্ন্ত লৈছে স্বত্বাধিকাৰসকলে।

মহানগৰীৰ নুনমাটিৰ বন্দনা চিনেমা হল, পল্টন বজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচী বজাৰৰ উর্বশী আৰু ছয়গাঁৱৰ ছিলভাৰ স্ক্রীণ চিনেমা হল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে স্বাত্বাধিকাৰে। ইতিমধ্যে বন্দনা, অপ্সৰা, মেঘদূত আৰু ছিলভাৰ স্ক্রীন ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম কোম্পানীয়ে উঠাই নিছে৷ উর্বশী চিনেমা হলৰ স্বত্বাধিকাৰীয়েও ছবিগৃহৰ পৰা ইউএফ’ ছিষ্টেম উঠাই নিবলৈ কোম্পানীক অনুৰোধ জনাইছে৷

উল্লেখ্য যে, কোভিড-১৯ আৰু লকডাউনে সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিধ্বস্ত কৰিছে। বহু ব্যৱসায়িক প্ৰতিষ্ঠান,
কোম্পানী এই পৰিস্থিতিৰ বাবে বন্ধ হৈ গৈছে বা বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। লকডাউনে সমানে বিধ্বস্ত কৰিছে সাংস্কৃতিক ক্ষেত্ৰখনো। বিগত প্ৰায় ১০ মাহে ছবিগৃহসমূহ দৰ্শকৰ বাবে বন্ধ থকাত তীব্ৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে ছবিগৃহৰ মালিকপক্ষ। কিয়নো ছবিগৃহ বন্ধ থাকিলেও তেওঁলোকে প্ৰতিমাহে আদায় দি আহিবলগা হৈছে বুজন পৰিমাণৰ ইলেক্ট্ৰিচিটি বিল আৰু কৰ্মচাৰীৰ দৰমহা। এনে পৰিপ্ৰেক্ষিততে এতিয়া ছবিগৃহসমূহ চলাই নিয়াত অসমৰ্থতা ব্যক্ত কৰিছে স্বত্বাধিকাৰসকলে। তেওঁলোকে অভিযোগ কৰা মতে, লকডাউনৰ সময়ত তেওঁলোকে আদায় দিবলগীয়া বৃহৎ পৰিমাণৰ ইলেক্ট্ৰিচিটী বিলত ৰেহায় প্ৰদানৰ বাবে চৰকাৰৰ অনুৰোধ জনোৱা হৈছে। কিন্তু চৰকাৰে কোনো ধৰণৰ সহমৰ্মিতা প্ৰকাশ নকৰাত উপায়ন্তৰ হৈ ছবিগৃহসমূহ বন্ধ কৰিবলগা হ’ল তেওঁলোকে।