লংকাৰ নখুটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷
নখুটিৰ ১নং দেৱেন গাঁৱৰ চামছুদ্দিন নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত যায়।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭/৮ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰীৰ লগতে জুইত জাহ যায় পৰিয়ালটোৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ।
ঘৰৰ লোকসকল বাহিৰত কাম কৰিথকাৰ সময়ত সংঘটিত হয় এই অগ্নিকাণ্ড।
বিদ্যুতিক ছৰ্ত ছাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
ন-খুটি আৰক্ষীৰ দল আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাৱলৈ সক্ষম হয় যদিওঁ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় দুৰত হোৱাৰ বাবে গাড়ী পলম কৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।
আনহাতে বৃহত্তৰ ন-খুটিত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ দাবী তুলে স্থানীয় ৰাইজে।
সৰ্বস্বান্ত হোৱা চামছু উদ্দিন উৰ্পে জলিল আৰু তেওঁৰ জীয়ৰীয়ে কৰযোৰে প্ৰাৰ্থনা জনাইছে যে তেওঁৰ বৰ্তমান অৱস্থাত পৰিয়াল টোৰে সৈতে তেওঁক জীয়াই থাকিবলৈ অসম চৰকাৰৰ লগতে বদৰুদ্দিন আজমল মৌলানা মস্তাক আনফৰ লগতে খাগৰি জানৰ স্হানীয় বাসিন্দা ততা নিলবাগানৰ যুৱ ব্যবসায়ি হিচাবে পৰচিত কামল হুচেনক অলপ সহায়ৰ কাৰণে অনুৰোধ জনায়।
