লংকাত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ ৭ জনকৈ লোক

604

হোজাই জিলাৰ লংকাত খাদ্য বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰে ৭ জন লোক। বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পিছত খাদ্য বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে।

জয়সাগৰৰ এজন ৰবীন্দ্ৰ মজুমদাৰৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি, ৰাতিৰ আহাৰ গ্ৰহণ কৰি অচেতন হৈ পৰে লোকসকল।

অসুস্থ হৈ পৰা লোকসকলক হোজাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ব্যক্তিকেইজন হৈছে বিশ্বজিৎ মজুমদাৰ, ঝৰ্ণা মজুমদাৰ, সুজান মজুমদাৰ, সুমিত্ৰা দাস, মামনি মজুমদাৰ, লখী মজুমদাৰ আৰু পায়েল দাস।