মহানগৰীৰ ৰাজপথত সুৰাৰ ৰাগীত শ্ৰমিকক খুন্দিয়াই চিৰদিনলৈ আহত কৰা মডেল ৰাজকণ্যা বৰুৱাৰ অসুস্থতাৰ নাটকৰ যেন অন্ত পৰিল। অসুস্থতাৰ দোহাই দি GNRC ৰ ICU ত সোমাই থকা ৰাজকণ্যাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ মেডিকেল বোৰ্ডে ৰাজকণ্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ পিছত দাখিল কৰা প্ৰতিবেদনত এই কথা স্পষ্ট হৈ পৰিছে যে ৰাজকণ্যা বৰুৱাই আচলতে অসুস্থতাৰ অভিনয়হে কৰি আছিল। কিয়নো তেওঁৰ কোনো অসুস্থতাই ধৰা নপৰিল স্বাস্থ্য পৰীক্ষাত। প্ৰতিবেদনত উল্লেখ থকা মতে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হব পৰাকৈ সম্পূৰ্ণ সুস্থ ৰাজকণ্যা।
আনহাতে বৰ্তমান মেডিকেল বোর্ডৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত মডেল গৰাকীক। ইফালে তদন্তৰ সময়ত ৰাজকণ্যাক অসুস্থ সজাই মেডিকেলত ভৰ্তি কৰি ৰখা GNRC ৰ শীৰ্ষ পৰ্যায়ৰ চিকিৎসককো গ্ৰেপ্তাৰ কৰা হব পাৰে অতি শীঘ্ৰে।
