যৌতুকৰ বাবে মহানগৰীত বোৱাৰীক ডিঙি চেপি হত্যা

96

ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দিলোৱাৰা ওৰফে প্ৰতিমা বেগম নামৰ এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী ৰূপচান আৰু স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছপুৰ হাস্পতালত ভৰ্তি কৰি নাটক ৰচিছিল পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে স্বামী ৰূপচানৰ লগতে পৰিয়ালৰ আটাইকেজনকে আটক কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা যৌতুক বিচাৰি শাৰিৰীক মানসিক নিৰ্যাতন চলাই আহিছিল প্ৰতিমা বেগমৰ ওপৰত। শেহতীয়াকৈ এনে কাৰণতে হত্যা কৰাৰ অভিযোগ উঠিছে। আনহাতে, ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাই বুলিও অভিযোগ উত্থাপন হৈছে।