যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ৩৬০১১জন কোৰোনাত আক্ৰান্ত…

57

ডিজিটেল ডেস্কঃ ভাৰতত পূৰ্বৰ তুলনাত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও, দেশখনত নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে বহু লোক। যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ৩৬০১১ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৬৪৪২২২ জনলৈ পাইছে বৃদ্ধি।

আনহাতে, যোৱা ২৪ ঘন্টাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৪৮২ জন লোকৰ মৃত্যু হৈছে। সেই সময়চোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ৪১৯৭০ জন লোক। উল্লেখ্য যে, দেশত এতিয়ালৈকে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০৩২৪৮ জন ৰোগী আৰু সুস্থ হৈছে ৯১০০৭৯২ জন লোক।