যোৱা ২৪ ঘণ্টাত ভাৰতত ৮৬,৮৮১ জন কোভিড পজিটিভ, ১,১৮১ জনৰ মৃত্যু

68

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত পুনৰ ৮৬,৮৮১ জনৰ দেহত কোৰোনা পজিটিভ ধৰা পৰাৰ পিছতে ভাৰতত এতিয়া কোৰোনা সংক্ৰমণৰ সংখ্যাই ৬৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে। আনহাতে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১,১৮১ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

দেশত বৰ্তমান কোভিড আক্ৰান্তৰ মুঠ সংখ্যা হৈছেগৈ ৬৩,১২,৫৮৫ জন। ইয়াৰে ৫২,৭৩,২০২ জন ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৯,৪০,৭০৫ৰ চিকিৎসা চলাই থকা হৈছে। ইফালে দেশত কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৯৮,৬৭৮ জনৰ।