যোৰহাট জিলাৰ পটিয়াগাৱৰ এজন ব্যক্তিৰ ঘৰৰ ব্যক্তিগত মন্দিৰৰ থাপনাৰ তলত বাণ্ডিলে বাণ্ডিলে টকা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে অভিযানৰ সময়ত থাপনাৰ তলৰ পৰা এই বৃহৎ পৰিমাণৰ টকাখিনি উদ্ধাৰ কৰে।
দৰাচলতে অনিমেশ শইকীয়া নামৰ চিলনী চোৰজনে নিজৰ ঘৰৰ মন্দিৰৰ থাপনাৰ তলত এই টকাখিনি লুকুৱাই ৰাখিছিল। উল্লেখ্য যে, যোৱা ২১ ছেপ্টেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ গড়আলিৰ স্বস্তিক ইণ্ডিয়া নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা এক বৃহৎ পৰিমাণৰ ধন লুটিছিল অনিমেশ শইকীয়া আৰু ধেমাজিৰ নিতুল গগৈ নামৰ চিলনী চোৰ দুজনে।
এই ঘটনাৰ পিছত আৰক্ষীৰ অনুসন্ধানত দুয়োজন চিলনী চোৰক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছতে আৰক্ষীয়ে অনিমেশৰ ঘৰৰ মন্দিৰৰ পৰা টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়।
