যোৰহাটত নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৪ সদস্য সন্ধানহীন…

67
প্ৰতীকি ফটো

গণতন্ত্ৰ দিৱস উদযাপনৰ দিনটোতে যোৰহাট জিলাৰ বাঘমৰাত সংঘটিত এক নাও দুৰ্ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গণৰাজ্য দিৱস উপলক্ষ্যে বাঘমৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজ খাবলৈ গৈছিল বালিবাটৰ চেলিম খানৰ পৰিয়ালে। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত নাও লৈ আনন্দত মগন হৈ থাকোতেই চেলিম খানসহ পৰিয়ালৰ ৪ সদস্যসহ নাওখন সন্ধানহীন হৈ পৰে।

স্থানীয় লোকে নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যোৱাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত এনডিআৰএফ, এছডিআৰএফ বাহিনী বহু পলমকৈ উপস্থিত হৈ সন্ধান অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সম্ভেদ পোৱা নাই সন্ধানহীন পৰিয়ালটোৰ।