যোৰহাটত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰত সোমাল বিএছএফৰ জোৱান

92

যোৰহাট জিলাৰ টীয়কত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হল বিএছএফৰ জোৱান। জানিব পৰা মতে, টীয়ক থানাৰ অন্তৰ্গত জাঁজীত শনিবাৰে কৰ্তব্যৰত এগৰাকী আৰক্ষী জোৱানক পৰমা গগৈ নামৰ বিএছএফৰ জোৱানজনে তেওঁৰ দুই বন্ধুৰ সৈতে লগ লাগি মাৰধৰ কৰে। মদ্যপান কৰি বাইক চলাই অহাৰ সময়ত বিএছএফৰ জোৱানজনক আৰক্ষী জোৱানজনে ৰখাই সোধপোছ কৰাৰ বাবেই এনেদৰে মাৰধৰ কৰে।

এই ঘটনাত গুৰুতৰভাৱে আহত হয় আৰক্ষী জোৱান প্ৰণৱ গগৈ। পিচত টীয়ক আৰক্ষীয়ে অভিযুক্ত বিএছএফৰ জোৱান পৰমা গগৈ আৰু দুই বন্ধু ক্ৰমে কুসুম গগৈ আৰু জ্ঞানদ্বীপ হাজৰিকাক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।