যোৰহাটত অঘটন

111

যোৰহাটৰ মহবন্ধাৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সমীপত অঘটন। কৰাইখোৱা তিনিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল এখন গাড়ী। পথৰ ওপৰতে জ্বলি গ’ল এখন চাৰিচকীয়া সামগ্ৰী কঢ়িওৱা বাহন।গাড়ীখনত দাহ্য সামগ্ৰী লৈ যোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপটোৰ এটা লেনত আবদ্ধ হৈ পৰিছে যান-বাহনসমূহ। কি কাৰণত গাড়ীখন জ্বলি উঠিল সেই সম্পৰ্কে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই।