যোগৰ উৎপত্তি হৈছিল নেপালতঃ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ বিতৰ্কিত মন্তব্যক লৈ চৰ্চা

395

সততে সকলোৰে চকু কপালত তোলা মন্তব্য কৰি বাতৰিৰ শিৰোণাম দখল কৰা নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ আন এক মন্তব্যই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ২১ জুনত পালন কৰা আন্তৰ্জাতিক যোগ দিৱসৰ দিনাই কে পি শৰ্মা অলিয়ে কৰা মন্তব্যক লৈ এতিয়া সমালোচনাত মুখৰ হৈছে সকলো।

নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, যোগৰ উৎপত্তি হেনো হৈছিল নেপালত। ইতিহাস বিকৃত কৰি কেৱল কৃতিত্ব লাভৰ বাবেই যোগ সাধনাক লৈ কৰা এনে মন্তব্যই এতিয়া লাভ কৰিছে চৰ্চা। কে পি শৰ্মা অলিয়ে আন্তৰ্জাতিক যোগ দিৱসৰ দিয়া এক সংবাদ মেল সম্বোধন কৰাৰ সময়ত কয় যে যোগৰ উৎপত্তি নেপালত হৈছিল আৰু নেপালেই সমগ্ৰ বিশ্বত যোগৰ প্ৰচাৰ কৰিছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভগৱান ৰামৰ জন্ম ভাৰতত নহয়, বৰং নেপালতহে হৈছিল বুলি মন্তব্য কৰি চৰ্চাত আছিল বহুবল্কী প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি। তেওঁৰ সীমিত জ্ঞানৰ পৰিচয় দি এইবাৰ যোগ সাধনাৰ আৰম্ভণি নেপালত হোৱা বুলি কৰা মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।