যোগীৰাজ্যত আজৱ কাণ্ড, মুখ্যমন্ত্ৰীক ইশ্বৰ সজাই মন্দিৰ নিৰ্মাণ ভক্তৰ

75

উত্তৰ প্ৰদেশত সংঘটিত এক আজৱ কাণ্ডই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। এজন ভক্তই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামেৰে নিৰ্মাণ কৰিছে এটা মন্দিৰ।

অযোধ্যাৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ অযোধ্যা-প্ৰয়াগৰাজ ঘাইপথৰ ভাৰত কুণ্ডৰ সমীপৰ ভাদাৰছা গাঁৱত নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰী আদিত্যনাথৰ এটা মন্দিৰ।

এই মন্দিৰৰ ভিতৰত ভগৱান ৰামৰ দৰেই হাতত ধনু-কাঁড় লৈ থকা যোগী আদিত্যনাথৰ এটা প্ৰতিমূৰ্তি আছে।

আন আন মন্দিৰৰ দৰেই এই মন্দিৰটোতো প্ৰতিদিনে সন্ধিয়া যোগী আদিত্যনাথৰ প্ৰতিমূৰ্তিৰ সন্মুখত আৰতি হয়, পূজা-নৈবদ্য আগবঢ়ায়।

যোগী আদিত্যনাথৰ নামত এই মন্দিৰটো নিৰ্মাণ কৰিছে প্ৰভাকৰ মৌৰ্য নামৰ এজন ব্যক্তিয়ে। তেওঁৰ মতে, যোগী আদিত্যনাথে যিদৰে জনতাৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, সেইদৰেই তেওঁ মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা স্বৰূপে নিৰ্মাণ কৰিছে এই মন্দিৰটো।