যেন চিনেমাৰ কাহিনী! হত্যাৰ অপৰাধত কাৰাবন্দী যুৱক, অৱশেষত আইনৰ শিক্ষা লৈ নিজকে সাব্যস্ত কৰিলে দোষমুক্ত…

108

ঠিক যেনেকৈ বলীউডৰ জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্য। মাত্ৰ ১৮ বছৰ বয়সতে দুজন কনিষ্টবলক হত্যা কৰি ৰাইফল লুট কৰাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল। তেওঁৰ ‘আলিবি’ আছিল অনস্বীকাৰ্য। কিন্তু ইয়াক আওকাণ কৰা হ’ল, আদালতত প্ৰমাণ কৰিব পৰা নগ’ল। কিন্তু যুৱক অমিত চৌধুৰীয়ে নকৰা অপৰাধৰ বাবে কাৰাদণ্ড মানি ল’ব পৰা নাছিল। তেওঁ বুজি পাইছিল যে এই অন্ধকাৰ জীৱনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল ‘জ্ঞানৰ পোহৰ’। সেই জ্ঞানৰ আলোক হৈছে আইনৰ জ্ঞান। তাৰ পিছত কাৰাগাৰৰ কুঠৰীৰ পৰাই অমিতে আৰম্ভ কৰিছিল মুক্তিৰ আলোকৰ সন্ধান। অৱশেষত ১২ বছৰৰ পাছত তেওঁ স্বাধীনতা বিচাৰিলে। অমিত পোহৰলৈ ঘূৰি আহিল। যদিও ১২টা বহুমূলীয়া জীৱন ঘূৰাই নাপাব, তথাপিও আজি অমিত মুক্ত।

অমিত উত্তৰ প্ৰদেশৰ মেৰাটৰ বাসিন্দা। ২০১১ চনত দুজন কনিষ্টবল কৃষ্ণপাল আৰু অমিত কুমাৰক হত্যা কৰা হৈছিল। চুৰি হৈছিল তেওঁলোকৰ ৰাইফল। অভিযোগে কুখ্যাত কাইল গেঙৰ ফালে আঙুলি টোঁৱাইছিল। আৰু অমিত চৌধুৰীকো সেই গেঙৰ সদস্য হিচাপে প্ৰক্ষেপ কৰা হৈছিল। কাৰণ, শেহতীয়াকৈ মুখ্যমন্ত্ৰী মায়াৱতীয়ে অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। অমিত ঘটনাস্থলীৰ ওচৰতো নাছিল। ভনীয়েকৰ সৈতে ছামলী জিলাত আছিল। কিন্তু পুলিচে নুশুনিলে। আন ১৬ জনৰ সৈতে তেওঁক অপৰাধী বুলি অভিযুক্ত কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ বিধান দিয়া হৈছে। পিছৰ দুবছৰ এটা দুঃস্বপ্নৰ দৰে আছিল। মুজাফ্ফৰনগৰ কাৰাগাৰৰ চাৰিখন দেৱালৰ ভিতৰত বাঘপাটৰ কিৰথাল গাঁৱৰ কৃষক পুত্ৰ অমিতৰ ভৱিষ্যত অন্ধকাৰত ডুব গৈছিল। অনিল দুজানা, বিকি ত্যাগী (দুয়োজনেই এনকাউণ্টাৰত মৃত)ৰ দৰে গেংষ্টাৰে তেওঁক নিজৰ গেঙত নিযুক্তি দিবলৈ চেষ্টা কৰিছিল। কিন্তু জেইলাৰে অমিতক আন ঠাইলৈ স্থানান্তৰিত কৰিলে।

২০১৩ চনত জামিনত জেলৰ পৰা মুক্তি পাইছিল যদিও অপৰাধৰ কলংক মূৰত ৰৈ গৈছিল। সপোন আছিল সেনাবাহিনীত যোগদান কৰা। কিন্তু সেয়া সম্ভৱ নহয় বুলি উপলব্ধি কৰি তেওঁ আইনৰ পথ বাছি লৈছিল যাতে পৰিয়ালটোৱে সমাজত মূৰ তুলি জীয়াই থাকিব পাৰে। অশেষ প্ৰচেষ্টা আৰু নিজৰ মুক্তিৰ লক্ষ্যৰে অমিতে BA, LLB, LLM উত্তীৰ্ণ হয়। বাৰ কাউন্সিলৰ পৰীক্ষাতো তেওঁ লাভ কৰে সফলতা। ইয়াৰ পিছতে যুৱকজনে নিজকে কলংকমুক্ত কৰাৰ সংগ্ৰাম আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শী আৰক্ষী বিষয়াজনে তেওঁক চিনাক্ত কৰিব নোৱাৰিলে। অধিক প্ৰমাণ দাঙি ধৰিলে। ন্যায়াধীশগৰাকীয়ে তেওঁক আৰু আন ১২জনক নিৰ্দ্বিধায় দোষমুক্ত কৰে। সেই সময়লৈকে প্ৰকৃত অপৰাধীৰ ভাগ্যও ঠিক হৈ গৈছে। ২০১৩ চনত হোৱা এনকাউণ্টাৰত নিহত হৈছিল সুমিত কাইল। নীতুক যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহা হয়। ৰায় ঘোষণাৰ পূৰ্বেই কৰ্কট ৰোগত আক্ৰান্ত হৈ ধৰ্মেন্দ্ৰৰ মৃত্যু হয়। আৰু অমিতৰ সৈনিক হোৱাৰ সপোন ভাঙি গ’লেও তেওঁ হাৰ মনা নাই।

“এতিয়া মই ফৌজদাৰী আইনত পি এইচ ডি কৰিব বিচাৰো। মই অনুভৱ কৰোঁ যে ভগৱানে মোক আন দুৰ্ভগীয়া লোকৰ বাবে যুঁজিবলৈ বাছি লৈছে।’-অমিতে কয়।