মধ্য প্ৰদেশৰ দাতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অনিয়ন্ত্ৰিত ট্ৰাক নদীত বাগৰি পৰাৰ ফলত ট্ৰাকখনত থকা ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আটাইকেইজন লোকে এখন ট্ৰাকত উঠি বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল।
তথ্য অনুসৰি দাতিয়াৰ দুৰ্ছাদা থানা এলেকাৰ বুহাৰা গাঁৱত সংঘটিত হৈছে এই যন্ত্ৰণাদায়ক দুৰ্ঘটনা।
বুহাৰা নদীত অনিয়ন্ত্ৰিতভাৱে বাগৰি পৰে ট্ৰাকখন। এই ভয়াবহ দুৰ্ঘটনাটোত দহজনৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। ট্ৰাকখনৰ আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহি থকা অৱস্থাত ট্ৰাক চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন বুহাৰা নদীত বাগৰি পৰে।
নদীত ট্ৰাকখন পৰি যোৱাৰ তথ্য পোৱাৰ লগে লগে গাঁওবাসীয়ে উদ্ধাৰৰ বাবে হাত আগবঢ়াই উদ্ধাৰৰ চেষ্টা আৰম্ভ কৰে। এই সন্দৰ্ভত গাঁওবাসীয়ে প্ৰশাসনক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত উপস্থিত হয় জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় জনপ্ৰতিনিধি। নদীত পৰি যোৱা লোকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰৰ কাম। আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।