মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ নগা দুৰ্বৃত্তৰ

108

অবৈধ ভূমি বেদখলক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নীৰ অসম-নগালেণ্ড সীমান্ত। আজি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে নগা দুৰ্বৃত্তৰ দলে।

দিচৈভেলীত নগাই অবৈধ বেদখল কৰা এলেকাৰ পৰিদৰ্শন কৰিবলৈ যাওতেই বিধায়কগৰাকীলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে নগা দুৰ্বৃত্তই। অৱশ্যে নগা দুৰ্বৃত্তৰ গুলীৰ পৰা প্ৰাণ ৰক্ষা পৰে ৰূপজ্যোতি কুৰ্মীৰ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।