মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৩ সদস্যৰ

77

মৰিয়নী ধোদৰ আলিত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনি সদস্যৰ মৃত্যু ঘটে। সোমবাৰে নাগালেণ্ড, ডিমাপুৰৰ মোককচাঙলৈ গৈ থকা এখন টাটা ছুম’ৰ খুন্দাত স্কুটি আৰোহী তিনিজনৰ মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰামতে ডিমাপুৰৰ পৰা মোককচাঙ জিলালৈ অসমৰ মাজেৰে যাত্ৰী কঢ়িয়াই নিয়া এন এল ০২টি ২১১৪ নম্বৰৰ টাটা ছুম’খনৰ এছ এছ ০৩জেদ ৫৮৮৬ নম্বৰৰ স্কুটিৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন ক্ৰমে মাতৃ, পুত্ৰ আৰু জোৱাঁয়েক থিতাতে নিহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে অঞ্চলটো উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰু একাংশ উন্মত্ত জনতাই আৰক্ষী বিষয়া উপস্থিতিতে ছুম’খন পথৰ পৰাই বগৰাই পেলাই দিয়ে।

তদুপৰি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে তিতাবৰ মহকুমা আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈছে গৈ ।