হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সু-খবৰ। আজিৰে পৰা মৰিগাঁৱৰ ১৩খন বিদ্যালয়ত আৰম্ভ হ’ব বিনামূলীয়া কোচিং। দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে ইংৰাজী আৰু গণিত বিষয়ত পাঠদান হ’ব কোচিং চেন্টাৰ সমূহত। মৰিগাঁও ভূৰবন্ধা খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত আৰম্ভ হোৱা টিউচন চেন্টাৰ সমূহ দুমাহলৈ ছাত্ৰ-ছাত্ৰী সকলক দিয়া হ’ব পাঠদান। সোমবাৰে প্ৰথমটো চেন্টাৰ মুকলি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।
