মৰিগাঁও জিলাৰ ধৰমতুলৰ বঙালধৰা তিনিআলিত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, গুৱাহাটীৰ পৰা মৰিগাঁও অভিমুখে গৈ থকা এএছ চিজি ০৬১৮ নম্বৰৰ ডাম্পাৰখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰাত কথমপি প্ৰাণৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ।
তীব্ৰ বেগৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখন বাগৰি পৰা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। আনহাতে ডাম্পাৰ চালকৰ মইমতালিৰ বাবে দুদিন পূৰ্বে অঞ্চলটোত আন এখন ডাম্পাৰ দুৰ্ঘটনাত পতিত হৈছিল বুলিও মন্তব্য কৰিছে স্থানীয় ৰাইজে।
