মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত কৃষক মেলা সম্পন্ন, ১৮জন অগ্রণী কৃষকক সম্বৰ্ধনা

81

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আৰম্ভ হৈ থকা “কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযান”ৰ অংশ হিচাপে আজি মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্রই এখন কৃষক মেলা সম্পন্ন কৰা হয়। ঝাৰগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্রৰ কাৰ্যালয়ত অনুষ্ঠিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি শতাধিক পুৰুষ-মহিলাৰ কৃষকে অংশ গ্ৰহণ কৰা কৃষক মেলাখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।

উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে কৃষকৰ আয় দুগুণ কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্রই যি উন্নত কাৰ্যপদ্ধতি গ্ৰহণ কৰিছে সেই সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকলৰ প্ৰতি আহ্বান জনায়। জিলা কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী ড° ৰিজুস্মিতা শৰ্মা ডেকাই আদৰণি ভাষণ প্ৰদান কৰা মেলাখনিত জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰ,জিলা মীন বিষয়া ভাস্কৰ জ্যোতি নাথ, জিলা পশুপালন বিষয়া ডা° নিলোৎপল কাকতি, অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডা° অতুল বৰগোহাঁই, ৰহাৰ মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু, জিলা ভূমি সংৰক্ষণ বিষয়া দ্বীপজ্যোতি শৰ্মাকে ধৰি জিলাখনৰ কেইবাটাও বিভাগৰ মূৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে।

মেলাখনিত কৃষি বিষয়ৰ বিভিন্ন উন্নত প্ৰযুক্তিৰ প্ৰদৰ্শন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা আঁচনি-২০২২ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ জাতীয় সংগীত আৰু সমবেত সংগীতেৰে কাৰ্যসূচী আৰম্ভ কৰা কৃষক মেলাত ১৮ জন নিৰ্বাচিত অগ্রণী কৃষকক কৃষি বিজ্ঞান কেন্দ্রৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি কৃষক মেলাখনি সামৰণিৰ পূৰ্বে কৃষি বিজ্ঞানী আৰু কৃষক সকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।