মৰিগাঁঁৱৰ লাহৰিঘাটত ভয়ংকৰ অগ্নিকাণ্ড

130
প্ৰতীকি ফটো

মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় বজাৰখনৰ প্ৰায় ২২ খনকৈ দোকান। দুপৰীয়া প্ৰায় ডেৰ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ কাৰণ চৰ্চ চাৰ্কিট বুলি সন্দেহ কৰা হৈছে।

ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও বহু পলমকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয়। এই অগ্নিকাণ্ডত কোটি টকাৰো অধিক সা-সম্পত্তি জুইত জাহ যায়।