মৰাণৰ নাহৰণিত আৰক্ষীয়ে বন্ধ কৰিলে সাপ্তাহিক বজাৰ

102

প্ৰশাসনৰ নিৰ্দেশৰ পিছতো মৰাণৰ সমীপৰ খোৱাং নাহৰণিত আজি পুৱা আৰম্ভ হয় সাপ্তাহিক শনিবৰীয়া বজাৰ। বজাৰখনত মানুহৰ সমাগম সেৰেঙা আছিল যদিও সামাজিক দূৰত্বৰ ক্ষেত্ৰত কোনো প্ৰট’কল মনা নাছিল লোক সকলে। ইফালে বজাৰ চলি থকা মুহূৰ্ততে খোৱাং আৰক্ষীৰ এটা দল বজাৰখনত উপস্থিত হৈ বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী নিৰ্দেশৰ পিছতে ব্যৱসায়ী সকলে বজাৰ সামৰি ঘৰমুৱা হয়। উল্লেখযোগ্য যে খোৱাঙত কোভিডৰ ভয়াবহতা ইমানেই বৃদ্ধি পাইছে যে নাহৰণি বজাৰৰ সমীপৰ বাঁ‌হনি পথাৰ গাঁওখন ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। ইয়াৰ পিছতো যেন সচেতনতা অৱলম্বন কৰা নাই সমীপৱৰ্তী লোকসকলে।