মৰাণত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰিত নৱনিযুক্ত প্ৰায় ২০০ যুৱক যুৱতীক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন অনুষ্ঠান ।
নিৰ্বাচনৰ পূৰ্বে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই দিয়া একলাখ চাকৰিৰ প্ৰতিশ্ৰুতি সাপেক্ষে ২৫ মে ত ৪৭ হাজাৰ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰে বিভিন্ন বিভাগত। আৰু এই নিযুক্তিত মৰাণ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২০০ যুৱক যুৱতীয়ে লাভ কৰিলে চাকৰি। সেই হেতুকে সেই নৱনিযুক্ত যুৱক যুৱতীক অভিনন্দন জ্ঞাপনৰ উদ্দেশ্যে মৰাণ তিলৈ গ্ৰাম্য বজাৰ বহুমূখী প্ৰেক্ষাগৃহত এক অভিনন্দন আৰু হিমন্ত বিশ্বশৰ্মাক ধন্যবাদ জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, চক্ৰবিষয়া ডঃ সংগীতা শৰ্মা ৰ লগতে বিশিষ্ট ব্যক্তিৰ উপৰিও নৱনিযুক্ত যুৱক যুৱতী উপস্থিত থাকে। নৱনিযুক্ত যুৱক যুৱতী সকলক এটি গছপুলি আৰু এখনি ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে।
