মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ, কন্দুৱাইছে পথচাৰীক

216

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ ‘ছাইড বাম’ আৰু বিধ্বস্ত ৰূপৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে। সম্প্ৰতি অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ। অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও সেই সময়ত পথটোৰ ‘ছাইড বাম’ৰ উন্নীতকৰণ হোৱা নাছিল। কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে।

যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বেবেজীয়াকে ধৰি সমীপৱৰ্তী মাহৰিআটি, ঘাঁহী, জাগীয়াল, দক্ষিণপাট, বৰজহা, ম’হমৰীয়া, কৃষ্ণাইখাট, হাতীগড়, বিহুচোৱাবৰ, ৰঙাচিলা, বালিগাঁও, তুলসীমুখ, বৰক’লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে। পথটোৰ “ছাইড বাম” উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। ইয়াৰোপৰি পথৰ মাজ অংশটো সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ।

সম্প্ৰতি এই গাঁতসমূহ পৰ্যবসিত হৈছে মৰণফান্দলৈ। যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী। কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও। বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া চাৰিআলিৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ ছাইড বাম আৰু মাজ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।

এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা। ২০১৯-২০ বৰ্ষত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত ২০২০ বৰ্ষৰ অক্টোবৰ মাহত পথটোৰ কিছু মেৰামতি কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবে এবছৰতে পূৰ্বৰ ৰূপ ধাৰণ কৰিলে পথটোৱে। কেইবাখনো উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানখন, ঐতিহাসিক কীৰ্তিচিহ্ন, ৰে’ল ষ্টেচন, ৰাষ্ট্ৰীয় ঘাইপথ, নগাঁও বাইপাছ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক। কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই লোক নিৰ্মাণ বিভাগৰ। এতিয়া ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ উন্নীতকৰণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপ দাবী কৰিছে।