মোদী চৰকাৰৰ লক ডাউন পেকেজৰ ‘জুমলা’ আৰু দিহিং পাটকাইত কয়লা খননৰ বিৰুদ্ধে আইছাৰ দেশজোৰা প্ৰতিবাদ

96

ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা)ই বুধবাৰে আহ্বান জনোৱা প্ৰতিবাদ দিৱসৰ অংশ হিচাপে অসমতো আইছাৰ ৰাজ্যিক সমিতিয়ে মোদী চৰকাৰৰ লক ডাউন পেকেজৰ জুমলা বন্ধ কৰা, যুৱ ছাত্ৰ সমাজৰ শিক্ষা, সংস্থাপনৰ সুৰক্ষা, উত্তৰ পূবৰ আমাজান দিহিং পাটকাইত মুক্ত কয়লা খনন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ দিৱস পালন কৰে। বিশ্বনাথ, বিহালী, গুৱাহাটী, যোৰহাট, নকছাৰী, টিয়ক, ডিব্ৰুগড়, ৰাজগড়, তিনিচুকীয়া, পানীতোলা আদি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আইছাৰ কৰ্মী সকলে লক ডাউনৰ নিয়ম মানি হাতে হাতে প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। প্লেকাৰ্ডত উল্লেখিত দাবীসমূহ হৈছে মোডী চৰকাৰৰ ২০ লাখ কোটি টকীয়া পেকেজৰ ‘জুমলা’ বন্ধ কৰক, ২০ লাখ কোটি টকীয়া পেকেজত শিক্ষাৰ বাবে ধন নাই কিয়, জবাব দিয়ক, ২০ লাখ কোটি টকীয়া পেকেজত শিক্ষা মাচুল ৰেহাই, শিক্ষা ঋণ, ছাত্ৰাবাস মাচুল, ঘৰভাড়াৰ বাবে ধন দিয়ক,২০ লাখ কোটি টকীয়া পেকেজত সংস্থাপন সৃষ্টিৰ ব্যৱস্থা নাই কিয়, জবাব দিয়ক, কৰ্পৰেট লুট বন্ধ কৰক, কয়লা খনন বন্ধ কৰক, দিহিং পাটকাই বৰ্ষাৰণ্য ৰক্ষা কৰক আদি। এক প্ৰেছ বিজ্ঞপ্তি যোগে আইছাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু ধনঞ্জয় দাসে কয় “কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে লক ডাউন সময়ৰ সংকট সমাধানৰ নামত ‘আত্মনিৰ্ভৰশীল ভাৰত গঢ়া’ যি ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে সেইটো ইমান দিনে মোদী চৰকাৰে দি অহা ‘জুমলা’ৰ দৰে আন এটা জুমলাৰ বাহিৰে আন একো নহয়, এই পেকেজ ২০২০-২০২১ বৰ্ষৰ বাজেটৰ পুনৰাবৃত্তি আৰু আগতে ঘোষণা কৰা মুদ্ৰা ঋণ, এমজিএমৰেগা আদি আচনিসমূহৰে ‘ৰিপেকেজিং’ অৰ্থাৎ নতুন বটলত পুৰণা সুৰাৰ দৰে। অতি পৰিতাপৰ কথা যে যি সময়ত দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থাই বিকল হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে তেনে এক সময়ত ২০ লাখ টকীয়া পেকেজত চৰকাৰী বেচৰকাৰী ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা মাচুল, ছাত্ৰাবাস তথা ঘৰভাড়া, শিক্ষা ঋণ, ফেলশ্বিপ, অন লাইন শিক্ষা প্ৰদান আদি কোনো ক্ষেত্ৰতে বিত্ত মন্ত্ৰী গৰাকীয়ে কেইবা দিনো ধৰি অনুষ্ঠিত কৰা সংবাদ মেলত এটা শব্দ ও উচ্চাৰণ নকৰিলে, তেনেদৰে কাম, মজুৰি, আশ্ৰয় হেৰুৱাই লাখ লাখ প্ৰবাসী তৰুণ শ্ৰমিকে হাজাৰ হাজাৰ কিলোমিটাৰ পথ খোজকাঢ়ি নিজৰ গৃহ অভিমুখে ৰাওনা হৈছে, অনাহাৰ আৰু দুৰ্ঘটনাত কেবাশ শ্ৰমিক ঘাইপথ, ৰেলপথত মৃত্যুক সাবটি লৈছে তেনে সময়ত এই ২০ লাখ কোটি টকীয়া পেকেজত তেওলোকৰ সুৰক্ষিত যাতায়ত, পুনৰসংস্থাপন, নিয়োগ আদি কোনোটো বিষয়তে এটা শব্দও উচ্চাৰণ নহল। ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়াৰ নামধাৰী পেকেজ ঘোষণা কৰি বিজেপি চৰকাৰে প্ৰতিৰক্ষা বিভাগত বিদেশী প্ৰত্যক্ষ বিনিয়োগ ৭৯ % শতাংশলৈ বৃদ্ধি কৰা, অসমৰ ৮ খন তৈলক্ষেত্ৰসহ দেশৰ তৈলক্ষেত্ৰসমূহ, কয়লাখনি, বিমান বন্দৰ আদি ৰাষ্ট্ৰীয় সম্পদ বিক্ৰী কৰাৰ ঘোষণা কৰি বিদেশী পুজি আৰু কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰিত এখন ভাৰতবৰ্ষ গঢ়ি তোলাৰ মোদী চৰকাৰৰ আচনিহে ডাঙি ধৰিলে। এয়া কেনেধৰণৰ আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ বুনিয়াদ বুলি আইছাই প্ৰশ্ন কৰিছে।
প্ৰেছ বিজ্ঞপ্তিটোত আইছাই অসমৰ তৈলক্ষেত্ৰ বিক্ৰী কৰাৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা দাবী জনোৱাৰ লগতে উত্তৰ পূবৰ আমাজান দিহিং পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খনন কৰিবলৈ কৰ্পৰেট গোষ্ঠীক লুটপাত অনুজ্ঞাপত্ৰ দিয়া কাৰ্য তীব্ৰ প্ৰতিবাদ জনাইছে আৰু অতি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী কৰিছে। উল্লেখ আইছাই যোৱা তিনি সপ্তাহ ধৰি সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যৰে দিহিং পাটকাই ৰক্ষাৰ দাবীত প্ৰচাৰ অভিযান চলাইছে আৰু ৰাষ্ট্ৰীয় স্তৰতো জনমত গঠনৰ অভিযান আৰম্ভ কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত নেৰ্চাছ বেকনৰ নামত কান্ধুলি লুটি বাগৰ মৰা সৌম্যদ্বীপ দত্তক চৰকাৰী এজেণ্টৰ ভূমিকা লোৱাৰ বিৰত থাকিবলৈ আহ্বান জনাইছে । আইছাই কয়
‘দিহিং পাটকাইক লৈ অসমৰ ৰাইজে অসম চৰকাৰকহে প্ৰশ্ন কৰিছিল। হঠাৎ সৌমদ্বীপ দত্ত আবিৰ্ভাব হৈ অভিভাবকৰ দৰে বক্তব্য ৰখাৰ কাৰন কি? দ্বিতীয়তে,
দিহিং পাটকাই মানে সৌমদ্বীপ দত্তই কোনখিনি অঞ্চলৰ কথা ক’ব বিচাৰিছে। দিহিং পাটকাই মানে যদি অকল ডিগবৈ অঞ্চলৰ বনাঞ্চলৰ কথা কৈছে তেনেহলে তাত কয়লা নাই। তাত অকল তেলহে পোৱা যায়। কিন্তু পাটকাই বনাঞ্চল জয়পুৰৰ পৰা মাৰ্ঘেৰিটা হৈ খাৰছাঙ মিয়াওলৈ বিস্তৃত হৈ আছে। এই অঞ্চলৰ কয়লাৰ অবৈধ খনন সৌমদ্বীপ দত্তই প্ৰত্যাখান কৰিব পাৰিব নেকি?? বুলি প্ৰশ্ন উত্থাপন কৰে।