মোদী চৰকাৰৰ দিনত ১২২ গৰাকী মেধাবী শিক্ষাৰ্থীয়ে বাছি লৈছে আত্মহত্যাৰ পথ! সংসদত জনালে শিক্ষামন্ত্ৰীয়ে

104

আই কুইট! ২০০৯ চনত মুক্তিলাভ কৰা ছবি ‘থ্ৰী ইডিয়টছ’ৰ এটা দৃশ্যই আবেগিক কৰি তুলিছিল দৰ্শকক। দেশৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চাপ ল’ব নোৱাৰি এজন প্ৰতিভাশালী ছাত্ৰই দেৱালত মাত্ৰ এই দুটা শব্দ লিখি আত্মঘাতী হৈছিল।

সেই ছবিখন মুক্তি পোৱাৰ আজি এটা দশক পাৰ হৈ গৈছে। ছবিত আত্মহত্যাৰ পথ বাছি ল’বলগা হোৱা মেধাবী ছাত্ৰজনৰ নিথৰ দেহটোৱে লাখ লাখ চলচ্চিত্ৰপ্ৰেমীৰ দুচকু এটা মুহূৰ্তৰ বাবে হলেও সেমেকাই তুলিছিল।

কিন্তু বাস্তৱত কিমান মেধাবী শিক্ষাৰ্থীয়ে বিদ্যালয়, বিশ্ববিদ্যালয়ে জাপি দিয়া চাপ সহ্য কৰিব নোৱাৰি নিজকে শেষ কৰি পেলাইছে, সেয়া আপুনি জানেনে?

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেই দিছে এই প্ৰশ্নৰ উত্তৰ!

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি, যোৱা সাত বছৰত দেশৰ ১২২ জন মেধাবী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। সংসদত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ ৰ পৰা ২০২১ চনৰ ভিতৰত আইআইটি, এনআইটি, আইআইএছইআৰ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ১২২ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। উল্লেখ্য যে আত্মহত্যা কৰা সকলৰ প্ৰায় ৫৬% শিক্ষাৰ্থী বা ৬৮ জন অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ অন্তৰ্ভুক্ত।

স্বাভাৱিকতে, কেন্দ্ৰীয় মন্ত্ৰীৰ এই তথ্যৰ পিছতে এই প্ৰশ্ন উত্থাপিত হয় যে যদি দেশৰ সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়, তেন্তে ব্যক্তিগত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানবোৰতকৈ কম উৎকৃষ্ট আৰু প্ৰচাৰ কৰা প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি? দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহত পঢ়ি থাকোতে ছাত্ৰ-ছাত্ৰীসকলে কিয় আত্মহত্যাৰ সিদ্ধান্ত লৈছে? সংসদত উপস্থাপন কৰা পৰিসংখ্যাবোৰে ৰাজ্য-আধাৰিত তথ্য প্ৰদান নকৰে, কিন্তু শিক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, পশ্চিম বংগত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ হাৰ সৰ্বাধিক।

বহুতেই শিক্ষাৰ্থীৰ আত্মহত্যাৰ কাৰণ বিদ্যালয়-বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতামূলক পৰিস্থিতি বুলি দাবী কৰে। ইয়াৰ বাবে অভিভাৱক সকলকো দায়ী কৰিব বিচাৰে অনেকেই।

আনহাতে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত ভৰি দি সন্মুখীন হোৱা ভাষিক সমস্যা, নিজৰ জাতিগত পৰিচয় আৰু বন্ধু-বান্ধৱীৰ অভাৱৰ বাবে হতাশাত ভুগি আত্মহত্যাৰ পথ বাছি লয় বুলি ক’ব খোজে বহু মনোৰোগ বিশেষজ্ঞই।

কিন্তু সেয়া যিয়েই নহওঁক, ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা বৰ্তমান সময়ত এক উদ্বেগৰ বিষয় হৈ পৰিছে। মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিও শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বহু পৰিমানে প্ৰতিৰোধ সম্ভৱ হব পাৰে বুলিও মন্তব্য কৰিছে বহু শিক্ষা বিশেষজ্ঞই।